বিধানসভা নিৰ্বাচনক লৈ সাজু সকলো

ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী। ইয়াৰ মাজতে এ আই ইউ ডি এফৰ পৰা নিলম্বন হৈছে এজনৰ পাছত আনজন বিধায়ক। শেহতীয়াকৈ দলটোৱে বৰাকৰ এজন বিধায়কক দলৰ পৰা নিলম্বন কৰে।২ ডিচেম্বৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত দলটোৱে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বাছিৰ আহমেদে স্বাক্ষৰিত এখন পত্ৰ জাৰি কৰে য’ত নেতাগৰাকীক নিলম্বনৰ কথা উল্লেখ থাকে। অভিযোগ অনুসৰি নেতাগৰাকী দল বিৰোধী আৰু বিতৰ্কিত কাৰ্যাকলাপত লিপ্ত আছিল।উল্লেখ্য যে, কেইদিনমান পূৰ্বে আন এগৰাকী বিধায়কক এ আই ইউ ডি এফে দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ২৪ নৱেম্বৰত এ আই ইউ ডি এফে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুচেইন লস্কৰক দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এজনৰ পাছত আন জন বিধায়ক নিলম্বন হৈছে এ আই ইউ ডি এফৰ পৰা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *