বিতৰ্কিত শিখা শৰ্মাক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।জোনালী নাথক লৈ কৰিছিল অশালীন মন্তব্য কৰিছিল লেখিকা গৰাকীয়ে। উল্লেখযোগ্য যে হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথক লৈ ফেচবুকত অশালীন মন্তব্য কৰিছিল শিখা শৰ্মাই।
জোনালী নাথৰ বিৰুদ্ধে শিখা শৰ্মাই ছ’চিয়েল মিডিয়াত যথেষ্ট অশালীন আৰু অপমানজনক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল একাংশই। এই সন্দৰ্ভত ৰাজ্যিক মহিলা আয়োগেও আৰক্ষী সঞ্চালকপ্ৰধানক অভিযোগ দিয়াৰ পিছতে দুগৰাকী সমাজসেৱী মহিলায়ো দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷তাৰ পিছতে আটক কৰে শিখা শর্মাক।
