বিটিআৰত গাওঁ অন্তৰ্ভুক্তিৰ লগে লগে উত্তপ্ত হৈ পৰিছে সমগ্র বিটিআৰ। আজি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে এক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়।
তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা আদায়ৰ বাবে বিটিআৰক ব্যৱহাৰ কৰিছে। বিটিআৰ চুক্তি মতে গাওঁ অন্তৰ্ভুক্তি আৰু গাওঁ কৰ্তন কৰাৰ কথা আছিল। কিন্তু কৰ্তন নকৰি কেবল অন্তর্ভুক্ত কৰিছে এই সন্দৰ্ভতো বিস্ফোৰক মন্তব্য আগবঢ়ায় অবড়ো নেতা গৰাকীয়ে। আনহাতে গণ সুৰক্ষা পাৰ্টি চমুকৈ GSP কো নিজৰ স্থিতি ২৪ ঘণ্টাৰ ভিতৰত স্থিৰ কৰিবলৈ আহ্বান জনায়। অন্যথা অনাবড়ো ৰাইজে কাকো সুদাই নেৰে বুলিও গৰজি উঠে অ-বডো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাস।