বিজনী চহৰত হস্ত-তাত বস্ত্ৰ বিভাগ আৰু বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান

বিজনী চহৰত হস্ত-তাত বস্ত্ৰ বিভাগ আৰু বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান।জব্দ গামোচা আৰু মেখেলা চাদৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমৰ গামোচা বন্ধ কৰাৰ বাবে নিষেধাজ্ঞা জাৰি কৰাৰ পিছত বিজনী মহকুমা প্ৰশাসন আৰু হস্ত-তাত বস্ত্ৰ বিভাগৰ তৰফৰ পৰা অব্যাহত ৰাখিছে।আজি দিনৰ ভাগত বিজনী চহৰত অভিযান চলাই জব্দ কৰে পাৱাৰলুমৰ গামোচা আৰু মেখেলা চাদৰ।ইতিমধ্যে হস্ত তাত বস্ত্ৰ আৰু বিজনী মহকুমা প্ৰশাসনে বিজনী চহৰত প্ৰায় ২২ হেজাৰ টকাৰ পাৱাৰলুমৰ গামোচা, মেখলা-চাদৰ, দখনা আদি জব্দ কৰিছে।থলুৱা শিপিনী সকলক উপকৃত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লোৱা পদক্ষেপৰ অংশ হিচাপে এই অভিযান চলোৱা হয় বুলি জানিব দিয়ে বিজনীৰ সহকাৰী চক্ৰ বিষয়া ইলা বণিয়াই।এই সংক্ৰান্তত বিজনী চহৰত আগন্তুক বিহুলৈ এই অভিযান চলাই যাব বুলি জানিব দিয়ে বিষয়া গৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *