বিজনীত ২ নং দাৰাঙ্গাত SSB ৰ অভিযান

বিজনীত ২ নং দাৰাঙ্গাত SSB ৰ অভিযানত গাঞ্জাসহ ধৃত দেৱজিৎ মণ্ডল নামৰ এটা গাঞ্জা ব্যৱসায়ী আটক।চিৰাং জিলাৰ বিজনীত গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে এছএছবিয়ে। মাজনিশা কুমাৰশালিস্থিত এছএছবিৰ ১৫ নং বেটেলিয়নৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় পাঁচ কিলোগ্ৰাম গাঞ্জাসহ দেৱজিৎ মণ্ডল(20) নামৰ এটা গাঞ্জা ব্যৱসায়িক।ধৃত দেৱজিৎ মণ্ডলে আন এটা সহযোগিৰ সৈতে এখন বাইকেৰে বাগৰগাঁৱৰ দিশৰ পৰা ২ নং দাৰাঙ্গা অভিমুখে লৈ অহা অৱস্থাত এছএছবিৰ জালত পৰে।অৱশ্যে আনজন সহযোগিয়ে বাইক লৈ পলাই সাৰিবলৈ সক্ষম হয়।পাছত এছএছবিৰ দলটোৱে নিশাৰ ভাগতেই গাঞ্জাসহ ব্যৱসায়িটোক বিজনী থানাত চমজাই দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *