বিজনীত ধপাত মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ধপাত জাতীয় সামগ্ৰী চিগাৰেট, চাধা, গুটখা জব্দ কৰি দাহন জিলা প্ৰশাসনৰ

বিজনীত ধপাত মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ধপাত জাতীয় সামগ্ৰী চিগাৰেট, চাধা, গুটখা জব্দ কৰি দাহন জিলা প্ৰশাসনৰ।

চিৰাং জিলাৰ বিজনী চহৰত আজি দিনৰ ভাগত জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিজনী আৰক্ষীৰ সহযোগত ধপাত মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ধপাত বিৰোধী অভিযান চলোৱা হয়।COTPA আইনৰ অধিনত শিক্ষনুষ্ঠানৰ এশ গজৰ ভিতৰত থকা দোকান সমূহৰ পৰা ধপাত জাতীয় সামগ্ৰী যেনে চিগাৰেট, চাধা, গুটখা আদি জব্দ কৰি দোকানী সকলক বিধি অনুসৰি জৰিমনা বিহে। District Level Co-ordination committee ৰ উদ্যোগত চলোৱা অভিযানত জিলা নডাল বিষয়া ডঃ ৰাজু কুমাৰ দাস, District Tobacco Control cell ৰ State Project co-ordinator সত্যজিৎ দাস, স্বাস্থ্য বিভাগ, বিজনীৰ আৰক্ষী আদিয়ে সহযোগিতা আগবঢ়ায়।অভিযানকাৰী দলটোৱে জব্দকৃত সামগ্ৰী সমূহ বিজনী থানালৈ লৈ আহি দাহন কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *