বিজনীত আৰক্ষীৰ অভিযানত তিনিটা IPL জুৱাৰী গ্ৰেপ্তাৰ।
সমগ্ৰ দেশত চলি আছে আইপিএলৰ জ্বৰ।ইয়াৰ সমান্তৰালকৈ চলি আছে IPL ৰ জুৱা।আজি চিৰাং জিলাৰ বিজনী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয় তিনিটা জুৱাৰী।বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাপুকণ মৰাঙৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় জুৱাৰী কেইটা।জুৱাৰী কেইটা ক্ৰমে বিজনীৰ লাক্ৰিগুৰীৰ আমজাত আলী, লাউগাঁও ভাটিপাৰাৰ দীপক মজুমদাৰ আৰু বিজনীৰ ৩ নং ৱাৰ্ডৰ নিকুঞ্জ দাস। আৰক্ষীয়ে আজমত আলীৰ পৰা নগদ ৩৫০০/- টকা, দীপক মজুমদাৰৰ পৰা ৬৪৮০/- টকা আৰু নিকুঞ্জ দাসৰ পৰা ৩৯১০/- টকাসহ মোবাইল ফোন আৰু IPL জুৱাত ব্যৱহৃত নথি পত্ৰ জব্দ কৰে।
