বিজনীত আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন।



বিজনীত আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন।

আজি শ্বহীদ দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীতো অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰা হয়।বিজনী আঞ্চলিক ছাত্র সন্থাৰ চৌহদত আয়োজন কৰা শ্বহীদ দিৱসত বিজনী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সুদীপ চন্দই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ পৰিয়ালৰ সদস্য ডঃ শতদল ৰায়ে শ্বহীদ বেদীত বন্তি প্ৰজ্বোলন কৰে।আনহাতে শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিজনীৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে শিল্পী পেঞ্চনাৰ প্ৰাপক হৰেণ দাসক সম্বৰ্ধনা জনায় বিজনীৰ আছু কৰ্মীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *