বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে লামডিঙ আৰক্ষীৰ ধাৰাবাহিক অভিযান

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে লামডিং আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷

ৰাজ্যত অব্যাহত আছে ৰেলৰে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ ঘটনা।
এইবাৰ লামডিঙ ৰেল ষ্টেচনত লামডিং আৰক্ষীৰ অভিযান।
পুৱতি নিশা এক গোপন সূত্ৰৰ পমখেদি লামডিং ৰেল ষ্টেচনত লামডিং আৰক্ষী অভিযান চলাই Tinsukia Lumding Passenger ট্ৰেইনৰ পৰা (Train No. 55902) প্ৰায় দেৰ কুইণ্টল বাৰ্মিজ চুপাৰী জব্দ লামডিঙ আৰক্ষীয়ে। ৩ টা পেকেটত দেৰ কুন্টইল বাৰ্মিজ চুপাৰী জব্দকৰে লামডিং আৰক্ষীয়ে ৷ জব্দকৃত বাৰ্মিজ চুপাৰী খিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি জানিব পৰা গৈছে ৷
লামডিঙ আৰক্ষীৰ কোৱা মতে বহিঃ ৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল। লামডিঙ আৰক্ষীয়ে এতিয়ালৈকে বাৰ্মিজ চুপাৰী সৰবৰাহ আটক কৰিব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *