বালি মাফিয়াই অবাধে চলাইছে লুণ্ঠন

কাৰ ছত্ৰছাঁয়াত বালি মাফিয়াই অবাধে চলাইছে এই লুণ্ঠন।

চকুমুদা কুলিৰ ভাওত বন বিভাগ।

উল্লেখযোগ্য যে কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত মোৱামাৰী গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলিছে অবৈধ বালি খনন।
বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবা খনো ট্ৰেক্টৰ লগাই এক সপ্তাহ ধৰি এইদৰে খনন কাৰ্য্য চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বালি মাফিয়া ক্ৰমে ছলেমান আৰু ফাৰুক অবৈধ ভাৱে খনন কাৰ্য চলাই আহিছে বুলি ৰাইজে জানিব দিয়ে। খনন কাৰ্য চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে।খনন কাৰ্য চলাই থকাৰ বাবে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইতিমধ্যে মোৱামাৰী,বেচিমাৰী,কাৱৰজাহি,বলাইপথাৰ আদি গাঁও বেকি নদীৰ কবলত পৰিছে আৰু বহুতৰ ঘৰ বাৰী নাইকিয়া হৈছে। অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ দাবী কৰিছে স্থানীয় ৰাইজে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *