বানপানীৰ মাজতে জন্ম শিশুৰ

73

সমগ্ৰ ৰাজ্যতে বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়ত NDRF আৰু SDRFৰ সাহসী বিষয়া-জোৱানসকলৰ তৎপৰতাত বহু লোকক দুৰ্গম পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰা হৈছে। দুৰ্যোগৰ এই সময়ছোৱাত প্ৰশংসনীয় সেৱা আগবঢ়াই বহু দুৰ্গত লোকলৈ সহায় আগবঢ়াই আহিছে NDRF আৰু SDRFয়ে। শেহতীয়াকৈ NDRFৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা অতি ভয়ংকৰ পৰিস্থিতিত উদ্ধাৰ কৰা দুগৰাকী প্ৰসূতিৰ এগৰাকীয়ে উদ্ধাৰ কৰি অনাৰ পিছতে সুকলমে এটি পুত্ৰ সন্তান জন্ম দিয়ে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ মাজত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত এটি কণমানি সন্তানৰ পিতৃ-মাতৃ হবলৈ পাই অতিকৈ সুখী এই পৰিয়ালটো।