বাইহাটা চাৰিআলী-গোৰেশ্বৰ- ৰামগাঁও-নাগ্ৰিজুলি গড়কাপ্তানি পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক
ঠায়ে ঠায়ে পথটোত সৃষ্টি হোৱা বৃহৎ দ গাঁতৰ ফলত সময়ে সময়ে বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে
উলেখ্য যে এই পথটোৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰায়ে শুৱাগপুৰস্থিত নিজ গৃহলৈ অহাৰ লগতে ৰঙিয়া বিধানসভা সমষ্টি হেতুকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পায়ে সমষ্টিলৈ এই পথটোৰে অহা যোৱা কৰে,, কিন্তু পৰিতাপৰ কথা যে কোনো এজন জনপ্ৰতিনিধিৰে পথটি মেৰামতিৰ বাবে গুৰুত্ব প্ৰদান কৰা দেখা নাই
বাইহাটা চাৰিআলি-গোৰেশ্বৰ হৈ পৰ্যটনস্থলী বগামাটীলৈ যোৱা মূল পথটি বিশেষকৈ প্ৰতিদিনে ডাম্পাৰ চলাচলৰ বাবে অতি কম সময়ত পথটি শোচনীয় হোৱা বুলি দাবী স্থানীয় ৰাইজৰ
পথটোৰ শোচনীয় অৱস্থাৰ ফলত পথটোৰে অহা যোৱা কৰা স্কুল কলেজত শিক্ষাৰ্থী, কন কন শিশু, ৰোগী ইত্যাদিৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজে তীব্ৰ সমস্যাৰ সন্মুখিন হৈছে
বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ চৰকাৰলৈ অনুৰোধ অতি সোনকালে পথটি মেৰামতি কৰি ৰাইজক যমৰ যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ কৰক।