বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ পঞ্চায়তত অৰুনোদয় আচঁনিত ব্যাপক অনিয়ম

বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ পঞ্চায়তত অৰুনোদয় আচঁনিত ব্যাপক অনিয়ম।ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিলে মহিলাসকলে ।নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে । পঞ্চায়তটোত যেন এতিয়া অনিয়মেই নিয়মত পৰিণত হৈছে ৷ অভিযোগ মতে, যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি ৰামপুৰ সত্ৰ মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছকে ধৰি পঞ্চায়তটোৰ কংগ্ৰেছী নেতা-পালিনেতাই নিজৰ আত্মীয়-স্বজনৰ নাম বাচনি তালিকাত অন্তৰ্ভূক্ত কৰিছে । ফলত বঞ্চিত হৈছে পঞ্চায়তটোৰ বিশেষভাবে সক্ষম লোককে ধৰি বহু দৰিদ্ৰ হিতাধিকাৰী । ইয়াৰ বিপৰীতে বাছনি তালিকাত ৰামপুৰ সত্ৰ পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল আলি, সম্পাদক আবুল ফজল, চৰকাৰী গাওঁ প্ৰধানৰ আত্মীয়ৰ লগতে পঞ্চায়তটোৰ চাকৰি থকা পৰিয়াল, চাৰি চকীয়া বাহন থকা পৰিয়াল, বছৰি দুই লাখতকৈ অধিক আয় থকা পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ তুলিছে পঞ্চায়তটোৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ পুৰুষ-মহিলাই ৷ সেয়ে এইসকল বঞ্চিত মহিলাই ৰাজপথলৈ ওলাই আহি পঞ্চায়তটোত অৰুণোদয় আঁচনিত সংঘটিত হোৱা চৰম দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ক্ষোভ উজাৰি সোচ্চাৰ হৈ পৰে ৷ ক্ষুভিত মহিলাসকলে “ৰামপুৰ সত্ৰৰ দুৰ্নীতি-অনিয়ম বন্ধ কৰক”, “মণ্ডল কংগ্ৰেছৰ দালালি নচলিব”, “আমাক অৰুনোদয় আচঁনি লাগিবই” আদি শ্ল’গানেৰে বহু সময় ধৰি অঞ্চলটোৰ আকাশ-বতাহ কপাই তোলে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *