বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

বটদ্ৰৱাত পথ দুৰ্ঘটনা।গুৰুত্বৰ বাবে আহত হয় দুজন।নগাওঁ ধিং সংযোগী গড়কাপ্তানী পথৰ বটদ্ৰৱা চাইকেল আৰু বাইকৰ মাজত সংঘটিত হৈ দুর্ঘটনাটো।বটদ্ৰৱা পুৰণা বাছ আস্থানৰ ওচৰত সংঘটিত হৈ দুর্ঘটনাটো।ধিঙৰ পৰা নগাওঁ অভিমুখে গৈ থকা AS-02AF-7416নম্বৰৰ বাইক আৰু বিপৰীত দিশৰ পৰা আহি থকা চাইকেলৰ মাজত মুখা-মুখী সংঘৰ্ষৰ ফলত সংঘটিত হৈ দুর্ঘটনাটো।চাইকেল আৰোহি আশ্রফ উদ্দীন আৰু বাইক আৰোহি ইমৰান হুছেইন গুৰুত্বৰ বাবে আহত হয়।আহত দুয়োকে বটদ্ৰৱা ক্ষুদ্ৰ চিকিৎসালয়লৈ নিয়া হয় যদিও দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *