বটদ্ৰৱাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

বটদ্ৰৱাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ।সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিলৰ দাবী ।ৰাজ্যজুৰি অব্যাহত আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ ।

আজি বটদ্ৰৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা বাতিলৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।বটদ্ৰৱা সমষ্টিৰ বিলুপ্তকৰণ আৰু বটদ্ৰৱা সমষ্টিৰ জনগাঠনি ব্যাপক সাল-সলনি কৰাক লৈ গুৰুজনাৰ জন্ম স্হান বৰদোবৰ থান প্ৰাঙ্গণৰ সন্মুখত সমষ্টিৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ,বিধায়িকা শিৱা মনিৰ লগতে কংগ্ৰেছ কৰ্মীৰ এই প্ৰতিবাদ ।

কংগ্ৰেছৰ শতাধিক সমৰ্থকে হাতে হাতে বেনাৰ ফেষ্টুন লৈ নৰেন্দ মোদী ,অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা হায় হায় গ’ বেক ধ্বনিৰে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰস্তাৱিত খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে বটদ্ৰৱা থানৰ বাকৰিত৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *