বঙাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ গৰাইমাৰী বজাৰত অগ্নিকাণ্ড।আকবৰ আলী খাৰ গেলামাল দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।দোকানৰ সকলোবোৰ সামগ্ৰী ভস্মীভূত হয়। আনুমানিক পাঁচ লাখ টকা ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে।বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। বিজনীৰ দুখনকৈ অগ্নি নিৰ্বাপক গড়ীৰ দ্বাৰা জুই নিৰ্বাপন। নিশা ৯ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। দোকান বন্ধ কৰি ঘৰত যোৱাৰ পিছতে দোকানত অগ্নিকাণ্ডৰ খবৰ লাভ কৰে স্বত্বাধিকাৰি আকবৰ আলী খাই।

