বঙাইগাঁও জিলাৰ দেওহাটীত মদৰ নিচাত পুত্ৰই হত্যা কৰিলে নিজ পিতৃক

বঙাইগাঁও জিলাৰ দেওহাটীত মদৰ নিচাত পুত্ৰই হত্যা কৰিলে নিজ পিতৃক:আবকৰী বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ: হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ:তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য অকৰ্মণ্যতা আৰু চূড়ান্ত দুৰ্নীতিত নিৰ্মজিত হোৱাৰ বাবে আবকাৰী বিভাগটো সম্পূৰ্ণ অকামিলা হৈ পৰিছে।যাৰ ফলত সমগ্ৰ ৰাজ্যখনৰ লগতে নামনী অসমৰ প্ৰতিটো জিলাত হৈ পৰিছে সুৰাময় অৰ্থাৎ পৰিণত হৈছে সুৰাময় এলেকা ! আৰু সৃষ্টি হৈছে বিভিন্ন অসামাজিক কাৰ্য্য ।ঠিক একেদৰে বঙাইগাঁও জিলাটো উত্তৰ শালমাৰা মহুকুমাৰ দেওহাটী উত্তৰপাৰাত এই মাদক দ্ৰব্য সেৱন কৰি আহি পুত্ৰ জগত দাসে নিজ পিতৃক ভাত ৰান্ধি নিদিয়াৰ বাবে সুৰাৰ ৰাগীত মতলীয়া হৈ মৰিয়াই মৰিয়াই হত্যা কৰে।অবশ্যে কুলাংগাৰ পুত্ৰ জগতে নিতৌ চলোৱা উৎপীড়নত অতিষ্ঠ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। আৰু স্থানীয় ৰাইজে আৱকাৰী বিভাগৰ চূড়ান্ত দুৰ্নীতি তথা নিৰ্লিপততাৰ বিষয়ে গুৰুতৰ অভিযোগ কৰিছে।ইফালে হত্যাকাৰী পুত্ৰ জগত দাসক অভয়াপুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।উক্ত বিষয়টোৱে এতিয়া সমগ্ৰ জিলখনত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *