পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষীৰ অভিযানত ১৭টা চোৰাং গৰু জব্দ 

পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষীৰ অভিযানত ১৭টা চোৰাং গৰু জব্দ ।পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰী আৰক্ষী থানাৰ এলেকাধীন মাক্ৰিঝোৰাত কালি সন্ধিয়ামানত বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন অভিযানত ১৭টা চোৰাং গৰু চোৰাং গৰু সৰবৰাহকাৰীৰ কবলৰ পৰা জব্দ কৰিবলৈ সক্ষম  হয়। প্ৰাপ্ত তথ্য মতে, পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দুৱৰা আৰু বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  বিষয়া জ্যোতিষ নাথৰ নেতৃত্বত আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১৭টা চোৰাং গৰু জব্দ কৰে। জানিব  পৰা মতে, বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাক্ৰিঝোৰা অঞ্চলত চোৰাং গৰু সৰবৰাহকাৰীয়ে  ওচৰত থকা হাবি  আৰু মাক্ৰিঝোৰা দলংৰ তলেদি চোৰাং গৰুকেইটা সৰবৰাহ কৰাৰ বাবে পৰিকল্পনা কৰিছিল। পিছত আৰক্ষীৰ অভিযানত চোৰাং গৰু সৰবৰাহকাৰীৰ দলটোৱে আৰক্ষীৰ উপস্থিতিৰ উমান পাই এন্ধাৰ আৰু  হাবিৰ সুযোগ গ্ৰহণ কৰি পলাই পত্ৰাং দিয়ে।  পিছত বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে ১৭টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। এই সংক্ৰান্তত বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *