পৰ্বতঝোৰাৰ খোৰাঘাটত বলেৰ পিক আপ আৰু ট্টাকৰ মুখামুখি সংঘৰ্ষ

পৰ্বতঝোৰাৰ খোৰাঘাটত বলেৰ পিক আপ আৰু ট্টাকৰ মুখামুখি
সংঘৰ্ষ

পৰ্বতঝোৰাত অবৈধ বালি ভৰ্ত্তি বলেৰৰ অতপালিত অতিষ্ঠ ৰাইজ। বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাট তিনি আলিত অবৈধ বালি ভৰ্ত্তি বলেৰ পিক আপৰ লগত বিপৰীতমুখী ট্টাকৰ সংঘৰ্ষত অবৈধ বালি ভৰ্ত্তি বলেৰ খন বাগৰি পৰে। যাৰফলত হেণ্ডিমেনজন গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয। উল্লেখ্য যে ধুবুৰীৰ শৌলমাৰী মহলৰ পৰা অবৈধ বাবে বালি কঢ়িয়াই থকা AS-17C-4683 নম্বৰৰ তীব্ৰ বেগী বলেৰ পিক আপ গাড়ীখনে খোৰাঘাট তিনি আলিত বিপৰীত দিশত গৈ থকা বালি কঢ়িওৱা ট্ৰাক খনক প্ৰচণ্ড জোৰে খুন্দা মাৰি বাগৰি পৰে বুলি গাঁও ৰক্ষী বাহিনীৰ সভাপতি ৰৌচন আলীয়ে জানিবলৈ দিয়ে।বৰ্তমান বলেৰৰ চালক জন পলাতক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ধুবুৰীৰ শৌলমাৰীৰ বালি মহলৰ অবৈধ বালি খননৰ বিৰুদ্ধে কি পদক্ষেপ লয় চৰকাৰে সেয়া সযয়তহে লক্ষণীয় হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *