পৌৰ কৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিবাদ

ৰাজ্যত শেহতীয়াকৈ বলবৎ কৰা অত্যাধিক পৌৰ কৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসম জুৰি পৌৰসভা ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মৰিগাঁও জিলা সমিতিয়ে ঘেৰাও কৰে মৰিগাঁও পৌৰসভাৰ কাৰ্য্যালয়।বি জে পি ৱাক থু,বি জে পি গ’ বেক,পৌৰ ক’ৰ বাতিল কৰক,আমাৰ দাবী মানি লঁওক,পৌৰপতি ওলাই আহক আদি প্ৰতিবাদী শ্ল’গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *