পূৰ্বৰ দুগৰাকী সক্ৰিয় মহিলা মন্ত্ৰীক আঁতৰাব খোজা নাই নৰেন্দ্ৰ মোডীয়ে

79

মন্ত্ৰিত্বৰ তালিকাৰ পৰা পূৰ্বৰ দুগৰাকী সক্ৰিয় মহিলা মন্ত্ৰীক আঁতৰাব খোজা নাই নৰেন্দ্ৰ মোডীয়ে। পূৰ্বৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী স্মৃতি ইৰানীক পুনৰ এবাৰ অন্তভূক্ত কৰিব মোডী মন্ত্ৰীসভাত।
এইবাৰ নিৰ্বাচনত পৰাজিত হ’লেও পূৰ্বৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী স্মৃতি ইৰানীক লৈ বিজেপিয়ে কৰিছে এক বিশেষ পৰিকল্পনা। ৰাজ্যসভাৰ সাংসদ হিচাপে ইৰানীক পুনৰ বিজেপিয়ে সংসদলৈ নিব বিচাৰিছে।