পুষ্পা ছবিখনে পুনৰ আন এক অভিলেখ গঢ়িছে

দাক্ষিণাত্যৰ ছবি পুষ্পা জুই নহয় বনজুই! এয়া কেৱল এটা বাক্য নহয় বাস্তৱতো দেখা যায়। আমেৰিকাত ছবিখনৰ প্ৰি-চেলছত ডাঙৰ অভিলেখ ভংগ কৰিছে। এতিয়ালৈ ‘পুষ্পা ২’-এ আমেৰিকাত ১২.৩ লাখ ডলাৰ উপাৰ্জন কৰিছে।৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ‘পুষ্পা ২’, এই ছবিখনৰ ওপৰত ৰাইজৰ বহু আশা। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা এতিয়া মানুহে ইয়াৰ আগতীয়া বুকিং আৰম্ভ হোৱালৈ অপেক্ষা কৰি আছে। যদিও ভাৰতত এতিয়াও প্ৰি-বুকিং আৰম্ভ হোৱা নাই, ইতিমধ্যে আমেৰিকাত ছবিখনৰ টিকট প্ৰি-চেল কৰা হৈছে। কেৱল এয়াই নহয় ‘পুষ্পা ২’-এ কেৱল আমেৰিকাত প্ৰি-চেলছৰ সময়ত আচৰিত অভিলেখ গঢ়িছে।শেহতীয়াকৈ আমেৰিকাৰ প্ৰি-চেলছৰ সময়ত কৰা নতুন অভিলেখৰ এখন ছবি ‘পুষ্পা ২’ৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে। এই ছবিখনত কোৱা হৈছে যে ছবিখনে আমেৰিকাত প্ৰি-চেলছত ১২.৫ লাখ ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে। আল্লু অৰ্জুন, ৰশ্মিকা মণ্ডান্না আৰু ফাহাধ ফাজিল অভিনীত এই ছবিখনে ভাৰতত আগতীয়াকৈ বুকিং কৰাৰ বাবে কি আচৰিত কাম কৰে সেয়া লক্ষ্যণীয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *