পুনৰ বৃদ্ধি পালে ছিলিণ্ডাৰৰ মূল্য

দীপাৱলীৰ লগে লগে দেশত গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। এইবাৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। একেৰাহে চতুৰ্থ মাহৰ বাবে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। এই সময়ছোৱাত চাৰিখন মহানগৰতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য গড়ে ১৫৬ টকাকৈ বৃদ্ধি পাইছে। আনহাতে, মাৰ্চ মাহৰ পৰা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই। যোৱাবাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *