এইবাৰ ছিপাঝাৰত সুৰাসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। গোৱালঝাৰত পুত্ৰ শশাংকৰ দাৰ ঘাপত নিহত ইন্দ্ৰকান্ত শৰ্মা। প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসালয়ত মৃত্যু ইন্দ্ৰকান্ত শৰ্মাৰ। বুধবাৰে হত্যাকাৰী পুত্ৰই প্ৰহাৰ কৰিছিল পিতৃ-মাতৃক। সংকটজনক অৱস্থাত দুয়োকে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। নিশা চিকিৎসাধীন অৱস্থাতে GMCHত মৃত্যু হয় ইন্দ্ৰকান্ত শৰ্মাৰ। মাতৃ চিকিৎসাধীন।