পাৱাৰলুমৰ গামোচা নিষিদ্ধ।বিজনী চহৰত মহকুমা প্ৰশাসনৰ উদ্যোগত পাৱাৰলুমৰ বিৰুদ্ধে অভিযান।জব্দ গামোচা, মেখেলা চাদৰ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমৰ গামোচা বন্ধ কৰাৰ বাবে জনোৱা নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে বিজনী মহকুমা প্ৰশাসন।ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৱাৰলুমৰ গামোচা জব্দ কৰাৰ পিছতো বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত বিজনী চহৰত অভিযান চলাই জব্দ কৰিবলৈ ৪০ খনতকৈও অধিক গামোচা আৰু মেখলা চাদৰ।থলুৱা শিপিনী সকলক উপকৃত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লোৱা পদক্ষেপৰ অংশ হিচাপে এই অভিযান চলোৱা হয় বুলি জানিব দিয়ে বিজনীৰ সহকাৰী চক্ৰ বিষয়া ইলা বণিয়াই।এই সংক্ৰান্তত পুনৰ অভিযান চলাব বুলি উল্লেখ কৰে।
