পানী খোৱাৰ ছলেৰে কৰিলে লুটপাট

লেংৰিবৰীত ড্ৰাগছ পেডলাৰৰ অভিনৱ কৌশল ।পানী খোৱাৰ ছলেৰে কৰিলে লুটপাট।ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে নেকি বৃহত্তৰ লেংৰিবৰী গাওঁখন |
আজি চুৰি কৰিবলৈ আহি স্থানীয় ৰাইজৰ হাতত আটক হ’ল এজন ড্ৰাগছ পেডলাৰ ।ড্ৰাগছ পেডলাৰজন বাইকেৰে পানী খাবৰ বাবে আহি এজনৰ ঘৰত চলালে ছাফাই অভিযান আৰু লুটিলে নগত ৫০,০০০ হাজাৰ টকা অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় টকাখিনি ।ড্ৰাগছ পেডলাৰটোৰ পৰা দুটা ড্ৰাগছ ভৰ্তি কন্টিনাৰ উদ্ধাৰ কৰে গাঁওৰক্ষীবাহিনীয়ে ।ড্ৰাগছ পেডলাৰটোৰ শিকাৰোক্তি মতে লেংৰিবৰী গাঁৱৰ ইটা ভাটাৰ ওচৰৰ মষ্টৱানটেট ড্ৰাগৰ পেডলাৰ জিয়াবুৰ ৰহমানৰ পৰা আনিছিল উক্ত ড্ৰাগছখিনি । এতিয়া প্ৰশ্ন হয় বৃহত্তৰ লেংৰিবৰী অঞ্চলটোত জিয়াবুৰৰ নেতৃত্বত চলি আছে নেকি ড্ৰাগছৰ ৰমৰমীয়া বেহা
কাৰ বলত বলীয়ান কুখ্যাত ড্ৰাগছ পেডলাৰ জিয়াবুৰ ৰহমান । কোন শক্তিৰ আৰ্শীবাদ মূৰত লৈ লেংৰিবৰী গাওঁখনত জিয়াবুৰে চলাই গৈছে ড্ৰাগছৰ মুকলি বিক্ৰীৰ বজাৰ সেয়া পৰবৰ্ত্তী সময়ত হে হ’ব লক্ষ্যনীয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *