পশ্চিম কামৰূপৰ দুই বন বিষয়াৰ ধাৰাবাহিক অভিযানে নিদ্ৰাহৰণ হৈছে বনজ সম্পদৰ  চোৰাং ব্যৱসায়ীৰ




চোৰাং ব্যৱসায়ী চক্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ-পশ্চিম কামৰূপ এলেকাৰ বনজ সম্পদৰ ওপৰত অবাধ লুণ্ঠন যজ্ঞ চলাই গঢ়ি তুলিছে বনজ সম্পদৰ ক’লা সাম্ৰাজ্য ৷ বন বিভাগেও এই সাম্ৰাজ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি লাভ কৰি আহিছে এটাৰ পিচত এটা সফলতা ৷ বিশেষকৈ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি দুৰন্ত বন বাহিনীৰ বাবে এতিয়া নিদ্ৰা হৰণ হৈছে  বনজ সম্পদৰ চোৰাং ব্যৱসায়ী চক্ৰৰ ৷ উল্লেখ্য,পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰাৰ নিৰ্দেশতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ ৰিভাৰ বীট অফিচাৰ নৃপেন কলিতা আৰু বীট অফিচাৰ সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত বন বাহিনী এটাৰ চলিছে দিনে নিশাই অভিযান ৷ বনকৰ্মীৰ দলটোৱে চোৰাং কাঠ,কাঠ ফলা মেচিন, নদীৰ বালি উঠোৱা মেচিন, চোৰাং বালি সৰবৰাহ কৰা ট্ৰেক্টৰ, ডি আই গাড়ী আদি জব্দ কৰাৰ এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷ বন বাহিনীটোৰ নিশ্চিদ্ৰ অভিযানত শূন্য হৈ কাঠফলা মেচিন ৷ কলহী নদীৰ পৰা বালি উঠোৱা কামত ব্যৱহৃত যন্ত্ৰ চালিত নাঁৱৰ পৰা আৰম্ভ কৰি কলহী আৰু ব্ৰক্ষপুত্ৰৰ পাৰৰ অবৈধ মাটি খনন কাৰ্যত ব্যৱহৃত এটাৰ পিচত এটা ট্ৰেক্টৰ জব্দ কৰি আহিবলৈ সক্ষম হৈছে বনকৰ্মীৰ দলটোৱে ৷ চোৰাং ব্যৱসায়ীয়ে জমা কৰি ৰখা লাখ লাখ টকাৰ বালি নদীৰ বুকুত পেলাই দি অহা বন বিষয়া দুগৰাকীৰ বাবে চৰকাৰে জব্দকৃত গাড়ী, ট্ৰেক্টৰ আদিৰ পৰা কৌটু টকালৈকে ৰাজহ আদায় কৰিবলৈ সক্ষম হৈছে ৷ মুঠতে বন বিষয়া দুগৰাকীৰ সাহসিকতাৰ বাবে বিশেষকৈ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় এলেকাত বনজ সম্পদৰ ওপৰত চকু দিবলৈ সাহস গোটাব পৰা নাই চোৰাং ব্যৱসায়ীয়ে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *