নিবনুৱা যুৱকসকললৈ আহিল ভাল খবৰ

66

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয় (মুখ্য কাৰ্যালয়)য়ে মধ্য অসমৰ চাৰিখন জিলা (শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও)ৰ প্ৰাৰ্থীৰ বাবে অগ্নিবীৰ নিযুক্তি ৰেলীৰ আয়োজন কৰিছে। অহা ২৩ জুলাই ২০২৪ৰ পৰা ২৭ জুলাই ২০২৪লৈ মিছামাৰীস্থিত সেনা চাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই নিযুক্তি ৰেলী অনুষ্ঠিত হ’ব ।
এই নিযুক্তি ৰেলীত এপ্ৰিল,২০২৪ পৰা মে’,২০২৪ ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই নিযুক্তি সন্দৰ্ভত সেনা কৰ্তৃপক্ষই সকলো প্ৰাৰ্থীকে কোনো ধৰণৰ দালালৰ বলি নহবলৈ আহ্বান জনাইছে।