নাৰী সমাজক লৈ আজমলৰ কূ মন্তব্যৰ প্রতিবাদত,লাহৰিঘাটৰ গৰৈমাৰীত আজমলৰ প্রতিকৃতি দাহ।

নাৰী সমাজক লৈ আজমলৰ কূ মন্তব্যৰ প্রতিবাদত,লাহৰিঘাটৰ গৰৈমাৰীত আজমলৰ প্রতিকৃতি দাহ।

মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ,বৰছলা আৰক্ষী নিবেশৰ অন্তৰ্গত গৰৈমাৰী চাৰিআলিত যোৱা সন্ধিয়া 07:00 বজাত লাহৰিঘাট যুৱ কংগ্ৰেছৰ উদ্যোগত বহুতো স্থানীয় ৰাইজৰ উপস্থিতিত,কিছুদিন পূর্বে ধুবুৰীৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলে নাৰী সমাজক লৈ কৰা কূ মন্তব্যৰ প্রতিবাদত আজমলৰ প্রতিকৃতি দাহ কৰে।উক্ত প্রতিবাদ স্থলিত উপস্থিত থাকে লাহৰিঘাট যুৱ কংগ্ৰেছৰ সভাপতি আবু হানিফ ডাঙৰীয়া আৰু উপ সভাপতি নেকিবুৰ ৰহমান লগতে উপস্থিত থাকে বৰছলা গাঁও পঞ্চায়তৰ সভাপতি আবু হানিফ ডাঙৰীয়া আৰু বহুতো স্থানীয় ৰাইজ।আজমলে ভৱিষ্যতে নাৰী সমাজক লৈ এনে মন্তব্যৰ পৰা যাতে বিৰত থাকে তাৰ বাবে সকিয়াই দিয়ে।আজমল মূর্দাবাদ ,আজমল গৌ বেক আদি ধ্বনীৰে প্রতিবাদ সাব্যস্ত কৰা দেখা যায়

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *