নলবাৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে নলবাৰীৰ গোপাল বজাৰত যুৱকৰ ৰহস্যজনক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
মৃত যুৱকজনৰ নাম সমীৰণ দাস।
জানিব পৰা মতে দেওবাৰে নিজ বাসগৃহত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা গৈছে।
কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰা হৈছে যুৱকজনক।
উল্লেখ্য যে ড্রাগছ আসক্ত যুৱক আছিল মৃত সমীৰণ দাস।
ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
