নগাঁৱত সুদখোৰৰ আতংক

63

নগাঁৱত সুদখোৰৰ আতংক। নগাঁৱৰ পুৰণিগুদামৰ ৰামটিলা আটিত সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন।মাত্ৰ তিনি হাজাৰ টকাৰ বাবে হজৰৎ আলী নামৰ লোকজনক আক্ৰমণ কৰিলে সুদখোৰ মতিন আলীয়ে।সুদলৈ দিয়া তিনি হাজৰ টকা নিবলৈ আহি ৰাস্তাত ধৰি হজৰতক মাৰপিট কৰাৰ অভিযোগ মতিনৰ বিৰুদ্ধে।ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী হজৰৎ আলীয়ে নগাঁৱৰ পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীত ৰুজু কৰিছে গোচৰ।ভুক্তভোগী হজৰৎ আলীৰ পৰিয়ালক আৰক্ষীৰ কাষ নাচাপিবলৈও ভাবুকি প্ৰদান কৰাৰ অভিযোগ মতিন আলীৰ বিৰুদ্ধে।
আৰক্ষীয়ে আহত হজৰতৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।