নগাঁও আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই নগাঁৱৰ ধিঙত পুনৰ স্প্ৰে চুৰৰ পুনৰ সন্তাস। নগাঁও আৰক্ষীক পুনৰ চেলেঞ্জ কৰিলে স্প্ৰে চোৰৰ গেঙে।এইবাৰ নগাঁৱৰ ধিঙৰ আউনীআটী সত্ৰত সংঘটিত হৈছে এই স্প্ৰে চোৰৰ ঘটনা।নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি চোৰে লুটিলে সকলো ।লক্ষী কান্ত বৰা আৰু বীনা বৰাক স্প্ৰে কৰি কৰিলে অচেতন।
ঘটনাস্থলীত ধিং আৰক্ষী বৰ্তমানলৈকে উপস্হিত হোৱা নাই,।উল্লেখ্য যে ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস সৃষ্টি কৰা গেংটোৰ চাৰি সদস্যক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰাৰ পাছত নিশা পুনৰ সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ধিং অঞ্চলত।একাংশ লোকে কব বিচাৰে ধিঙত সংঘটিত সমগ্ৰ ঘটনা গাপ দিয়াৰ বাবে সাধাৰণ চুৰি কাণ্ডত জড়িত চাৰি চোৰক স্প্ৰে চোৰ সজাই আৰক্ষীয়ে কৰিছে ভেকোভাওনা।