দেওবাৰে নিশা নগাঁও চহৰৰ হয়বৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।হয়বৰগাঁও সংযোগী পুৰনি দলঙৰ কাষত ৭ খনকৈ দোকান অগ্নিকাণ্ডৰ ফলত জ্বলি নিশেষ হৈ যায়।কাঠৰ ফাৰ্নিছাৰৰ দোকানৰ লগতে জুইৰ শিখাই মূহুৰ্ততে আন দোকানো কেইখন ধ্বংসস্তুপত পৰিণত কৰে।অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন গাড়ীৰে প্ৰায় কেবা ঘন্টা সময় ধৰি চেষ্টা কৰিহে জুই নুমুৱাবলৈ সক্ষম হয় ।জুইৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।
