‘ধেমাজি বোমা বিস্ফোৰণৰ ঘটনাক লৈ আমি দুঃখিত। এয়া এক ঘৃণনীয় কাম আছিল। সেই সময়ত মই বাংলাদেশৰ কাৰাগাৰত আছিলো। তেতিয়াও মই কৈছিলোঁ যে এয়া খুব গৰ্হিত কাম হৈছে। উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক আমি সন্মান জনাইছোঁ। তদন্তকাৰীসকলে সঠিক তথ্য-প্ৰমাণ জমা দিব নোৱাৰা বাবে দোষমুক্ত হ’ল আটাইকেইজন’। ধেমাজি বোমা বিস্ফোৰণৰ ঘটনাৰ চূড়ান্ত ৰায়দানক লৈ প্ৰতিক্ৰিয়া অনুপ চেতিয়াৰ।
