দৰ্শনাৰ্থীৰ বাবে সুখবৰ

দৰ্শনাৰ্থীৰ বাবে সুখবৰ।কিয়নো আজি পুৱা উত্তৰাখণ্ডস্থিত কেদাৰনাথ ধামৰ মূল দুৱাৰ মুকলি কৰা হয়। মঙলবাৰ অৰ্থাৎ ২৫ এপ্ৰিলৰ পৰা ভক্তসকলৰ দৰ্শনৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হৈছে আৰু পুৱাৰে পৰা ভক্তৰ লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছে। মঙলবাৰে পুৱা কেদাৰনাথ মন্দিৰৰ মুখ্য পুৰোহিত জগদগুৰু ৰাৱাল ভীম শংকৰ লিং শিৱাচাৰ্যই মন্দিৰৰ দুৱাৰ খোলে।
মঙলবাৰে পুৱা ৬ বাজি ২০ মিনিটত মন্দিৰৰ দুৱাৰবোৰ খোলা হৈছে অত্যাধিক ঠাণ্ডা থকা স্বত্বেও ইয়াত হাজাৰ হাজাৰ ভক্ত উপস্থিত হয়। মন্দিৰটো ৩৫ কুইন্টল সজীৱ ফুলেৰে সজোৱা হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *