দৰঙৰ ধূলাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা


দৰঙৰ ধূলাত নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা । ব্যক্তিগত চলন্ত চাৰি চকীয়া বাহনত খাৰুপেটীয়াৰ এগৰাকী মহিলাৰ হাত-ভৰি, মুখ বান্ধি তিনি দুৰ্বৃত্তই লুটি নিলে সোন-ৰূপৰ আ-অলংকাৰ আৰু নগদ ধন । লোট-পাত চলোৱাৰ পিছত বাহনৰ পৰা নমাই গতা মাৰি পেলাই দিয়ে মহিলাক । অভিযোগ অনুসৰি – খাৰুপেটীয়াৰ মহাবীৰ পথৰ বেজয়ন্তী মালা ঝাঞ্জাৰী নামৰ মহিলা গৰাকী গুৱাহাটীৰ জালুকবাৰীত খাৰুপেটীয়ালৈ অহাৰ বাবে গাড়ীৰ অপেক্ষাত ৰৈ আছিল । অলপ সময়ৰ পিছতে এগৰাকী ব্যক্তিগত চাৰিচকীয়া বাহনৰ গৰাকী আহি মহিলা গৰাকীক কলৈ যাব বুলি সুধ-পোচ কৰি খাৰুপেটীয়া আহি নমাই দিয়াৰ কথাৰে মহিলা গৰাকীক বাহন উঠাই লয় । মহিলা গৰাকীৰ বাদে বাহন খনত আছিল তিনি গৰাকীকৈ লোক । মঙ্গলদৈ পাৰ হৈ ধূলা নাপাওঁতেই মহিলা গৰাকীৰ ডিঙিত ছুৰি ধৰি নগদ ধন, আ-অলংকাৰ আদি উলিয়াই দিব কয় তিনি দুৰ্বৃত্তই । উলিয়াই নিদিয়াত দুৰ্বৃত্তই মহিলা গৰাকীৰ হাত-ভৰি বন্ধাৰ সমান্তৰাল ভাৱে মুখ কাপোৰেৰে বান্ধি লুট-পাত কৰে তিনি দুৰ্বৃত্তই । অৱশেষত ধূলা থানাৰ এটা নিৰ্জন এলেকাত মহিলা গৰাকীত বাহনৰ পৰা নমাই গতা মাৰি মাটিত পেলাই দিয়ে, ফলত গুৰুতৰ ভাবে আহত হয় মহিলা গৰাকী । পিছত আহত মহিলা গৰাকীক এগৰাকী ৰিক্সা চালকে উদ্ধাৰ কৰি খবৰ দিয়ে পৰিয়ালৰ লোকক । পৰিয়ালৰ লোকে খবৰ পাই খাৰুপেটীয়াৰ ডিও কেয়াৰত চিকিৎসা প্ৰদান কৰে যদিও সম্প্ৰতি সংকট জনক অৱস্থা মহিলা জনীৰ । নাক-মুখ, কঁকালত আঘাত পাইছে মহিলা জনী । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দুষিক কৰায়ত্ত কৰাৰ অনুৰোধ জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *