দুৰ্নীতিৰ তথ্য বিচৰাই কাল হ’ল দুই যুৱকৰ।

ধুহিবালা পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য বিচৰাই কাল হল দুই যুৱকৰ।

পঞ্চায়তৰ চৌহদতে দুই যুৱকক হত্যাৰ চেষ্টা পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ।

এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধুহিবালা গাঁও পঞ্চায়তত ।
দুৰ্নীতিৰ তথ্য বিচৰা বাবেই দুই যুৱকক হত্যাৰ চেষ্টা চলালে পঞ্চায়ত খনৰ ৱাৰ্ড মেম্বৰ লগতে পৰিয়াল বৰ্গই ।

আইনাল হক আৰু ওৱাচিল হক নামৰ যুৱক দুজনক ধুহিবালা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ মফুল হকৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

তথ্য জনাৰ অধিকাৰৰ জৰিয়তে পঞ্চায়ত খনৰ দুৰ্নীতিৰ তথ্য বিচৰা বাবে এনেদৰে ভয়াবহ আক্ৰমণ কৰে দুই যুৱকক ।

পঞ্চায়ত খনৰ মেম্বৰ মফুল হক ৰ গুণ্ডা বাহিনীয়ে দুই যুৱকক পঞ্চায়ত খনৰ চৌহদতে হত্যা কৰাৰ চেষ্টা চলাই বুলি অভিযোগ তোলে দুই যুৱকে ।

পিছত ঘটনা স্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ দুই যুৱকক উদ্ধাৰ কৰে ।

সমূদাই ঘটনাৰ সন্দৰ্ভত কঞা আৰক্ষী থানা ত এক এজাহাৰ দাখিল কৰি সমূদাই ঘটনাৰ এক তদন্ত বিচাৰ কৰিছে ।

উল্লেখযোগ্য যে ধুহিবালা গাঁও পঞ্চায়ত খনত দীৰ্ঘদিন ধৰি চলি থকা অবাধ দুৰ্নীতিৰ সন্দৰ্ভত তথ্য বিচৰা বাবে এনেদৰে আক্ৰমন ৰ সম্মুখীন হব লগা হোৱা বিষয়টো পঞ্চায়ত খনৰ ভিতৰ চৰাত যে ভয়ংকৰ দুৰ্নীতি চলি আছে সেয়া নিশ্চিত হৈ পৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *