দলগাঁৱত লালপুলত ২২ কেজি বৃহৎ পৰিমানৰ গাঞ্জা সৈতে এজন গাঞ্জা সৰবৰাহকাৰীক আটক । লালপুলত নাকা চেকিং চলি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে । এল্টো বাহন খনৰ নম্বৰ AS-01EV-7568 বুলি জানিব পৰা গৈছে ।
দলগাঁও থানাৰ আৰক্ষীয়ে ২২ কেজি গাঞ্জা সৈতে এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈ আৰু দলগাঁও আৰক্ষী থানাৰ এদল আৰক্ষীৰ সহযোগত দলগাঁও আৰক্ষীয়ে লালপুলত নাকা চেকিং চলাই থকা অৱস্থাত এল্টো গাড়ীৰে ভৈৰৱকুণ্ডৰ পৰা দলগাঁৱত গাঞ্জা বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত আটক কৰে । যুৱকজনৰ ঘৰ মাজবাট থানাৰ ঔবাৰিৰ চুনিল দৈমাৰী বুলি জানিব পৰা গৈছে । দলগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
