দক্ষিণ শালমাৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেংকাৰী ৷

দক্ষিণ শালমাৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেংকাৰী ৷
তদন্তৰ বাবে উপস্থিত গুৱাহাটীৰ পৰা অহা গ্ৰামোন্নয়ন বিভাগৰ এটা তদন্তকাৰী দল।

চতুৰ্দশ বিত্তীয় আয়োগ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷
কাম নকৰাকৈ আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত টুমনী গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কেইমাহমান পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামউন্নয়ন বিভাগৰ Commissionerক এখন অভিযোগ দাখিল কৰিছিল ৰাইজে ৷
উক্ত অভিযোগৰ ভিত্তিত কেইমাহমান পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰে ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল যদিও বিষয়াৰ গা এৰা মন্তব্যত ৰাইজ অতুষ্টিত হৈছিল৷
সেয়েহে টুমনী গাওঁ পঞ্চায়তত দেখা গল পঞ্চায়ত আৰু গ্ৰামউন্নয়ন ভিভাগৰ Assistant Commissioner মুকুট শৰ্মাৰ নেতৃত্বত তদন্তকাৰী দল এটাৰ উপস্থিতি৷
টুমনী গাওঁ পঞ্চায়তত উপস্থিতহৈ
তদন্তকাৰী দলটোৱে ফৰ্টিন ফাইনেনচৰ আচঁনিৰ ধন ৰূপায়ণ কৰা ব্যক্তিগত খণ্ডৰ সোণালী আদৰ্শ বিদ্যালয়, আজান পিৰ জাতীয় বিদ্যালয় আৰু ৰূপালী শিক্ষা নিকেতন নামৰ কেইবাটাও ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয়ত তদন্ত চলোৱা পৰিলক্ষিত হয়৷
আনহাতে জিলা পৰিষদৰ অধীনত নিৰ্মাণ কৰা এখন মাৰ্কেট কমপ্লেক্সৰ মেৰামতিৰ কাম তদন্তৰ উপৰিও শিমলাকান্দী পুৰান মছজিদ, ৰাস্তা,আৰু কালভাৰ্টৰ কাম আদি চৰজমিন তদন্ত কৰা পৰিলক্ষিত হৈছে৷
এতিয়া প্ৰশ্ন হয়,টুমনী গাওঁ পঞ্চায়তৰ ফৰ্টিন ফাইনেনচৰ আচনিৰ দুৰ্নীতিৰ
তদন্তত Assistant commissioner (p&RD) মুকুট শৰ্মাই কি পদক্ষেপ লয় সেয়া হব পৰবৰ্তী সময়ৰ লক্ষ্যনীয় ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *