প্ৰেমে যে বয়সৰ সীমা, প্ৰেমে নামানে জাতি-কুল, নামানে সমাজৰ বান্ধোন।প্ৰেম অন্ধ।সেয়ে অন্ধ প্ৰেমৰ প্ৰমাণ আজি দেখুৱাই দিলে হোজাই জিলাৰ কাকী থাইচুপাৰ গাওঁৰ এগৰাকী মহিলাই।
হয় প্ৰেমত পৰি তিনি সন্তানক ঘৰতে এৰি এটা সন্তান পিতৃৰ লগতে পলায়ন কৰে কাকী থাইচুপাৰৰ শান্তি দেবী নামৰ এগৰাকী মহিলাই ।
বৰ্তমান মূৰে কপালে হাত দি কান্দিব লগীয়া হৈছে স্বামী ৰাম বাহাদুৰ হৰিজনে ।
জানিব পৰা মতে এটা সন্তান পিতৃ ধনোৱা হৰিজন ৰ লগতে তিনিটা সন্তানৰ মাতৃ শান্তি দেবী বহু দিনৰ পৰা অবৈধ বাবে প্ৰেমৰ সম্পৰ্ক চলি আছিল ।
বহুদিনৰ পৰা এনেকৈ লুকাই লুকাই ভাল পাই আৰু থাকিব পৰা নাই । তাৰ কাৰণে আজি বেংকৰ পৰা নগদ ২ লাখ টকা আৰু গহনা লৈ পলায়ন কৰে মহিলা শান্তি দেবীয়ে ধনোৱা হৰিজন লগতে ।
উল্লেখযোগ্য যে ডাঙৰ পুত্ৰ বিবাহ বাবে সজোৱা গহনা গাঁঠৰী সকলো লৈ পলায়ন কৰে শান্তি দেবী নামৰ মহিলা গৰাকীয়ে ।
সেয়েহে বাৰুকৈ ভাঙি পৰে স্বামী ৰাম বাহাদুৰ হৰিজন । লগতে পৰিয়াল বৰ্গ অনুৰোধ যদি মহিলা গৰাকীৰ কিবা সন্ধান পাই তেনেহলে 6000488632 অথবা 7099228366 নম্বৰ ত যোগাযোগ কৰিবলৈ কাতোৰ আহ্বান কৰিছে পৰিয়ালৰ লোকে ।