তিনিচুকীয়াৰ পৌৰসভাৰ কাৰ্যলয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী।
পৌৰ কৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
পৌৰ কৰ নিয়ন্ত্ৰণ নহ’লে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিছে তৃণমূল কংগ্ৰেছে ।
মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক।
মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা দেখা গৈছে ।
কেৱল এয়াই নহয় চৰকাৰে বিভিন্ন ধৰণৰ কৰৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দিছে ।
শেহতীয়াকৈ অসম চৰকাৰে পৌৰ কৰ বৃদ্ধি কৰাক লৈও বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ইফালে ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
বুধবাৰৰ দিনটোত তিনিচুকীয়াত তৃণমূল কংগ্ৰেছ দলে তিনিচুতীয়াৰ থানাচাৰিস্থত পৌৰসভাৰ কাৰ্যলয়ৰ সন্মুখত পৌৰ কৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
চৰকাৰ বিৰোধী শ্ল’গানেৰে দলটোৰ কৰ্মীসকলে পৌৰসভাৰ সন্মূখত পৰিৱেশ উত্তাল কৰি তোলে লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসনাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।
ইফালে তৃণমূল কংগ্ৰেছে উল্লেখ কৰা মতে যদি তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নলয় তেনেহ’লে আগন্তুক দিনত ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।
