বহাগৰ মাহৰ ঢোল পেঁপাৰ মাতে ৰজনজনাই উঠিছে শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী বৰছিলাৰ গায়ন গাঁৱত ।
প্ৰথম ব’হাগৰ দিনাৰ পৰাই ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ ।
সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালকৈ বৰছিলাৰ গায়ন গাঁৱতো ৰঙালী বিহুৰ আনন্দ উল্লাহ।
বহাগৰ প্ৰথমটো দিনত গাঁৱৰ ৰাইজে পৰম্পৰাগতভাৱে চোতাল বিহু মৰা দেখিবলৈ পোৱা গৈছে ।।
এই চোতাল বিহুত অঞ্চলৰ ডেকা বুঢ়া , জীয়াৰী , বোৱাৰী , কণ কণ শিশুৰ সকলোৱে অংশগ্ৰহণ কৰে।
ঢোলৰ চেৱে চেৱে ডেকা গাভৰুৱে সকলোৱে ককাল ভাঙি নাচি বিহুৰ আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে ।
