ডিব্ৰুগড়ত ৩৬ জনকৈ ৰূগীয়া ব‍্যক্তিক চেক বিতৰণ কৰে বিধায়ক প্ৰশান্ত ফুকনে

ডিব্ৰুগড়ত ৩৬ জনকৈ ৰূগীয়া ব‍্যক্তিক চেক বিতৰণ কৰে বিধায়ক প্ৰশান্ত ফুকনে।মুখ‍্যমন্ত্ৰীৰ ৰিলিফ ফান্দ আঁচনিৰ জৰিয়তে ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩৬ জনকৈ দৰিদ্ৰ ৰূগীয়া ব‍্যক্তিক চেক বিতৰণ কৰে বিধায়ক প্ৰশান্ত ফুকনে। এতিয়াৰ লৈকে প্ৰায় ২০০ জনৰো আধিক দৰিদ্ৰ পৰিয়ালৰ ৰূগীক চিকিৎসাৰ বাবে এনেদৰে আৰ্থিক সাহাৰ্য্য আগবঢ়াই আহিছে বিধায়ক গৰাকীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনৰ পৰাই এনেদৰে দৰিদ্ৰ লোকৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে বুলি মন্তব্য প্ৰকাশ কৰি কয় যে ২০ ৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্তৰ চেক যোগেৰে বিতৰণ কৰি বহুতো দুখীয়া ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত উপকৃত হৈছে বুলি জানিবলৈ দিয়ে বিধায়ক প্ৰশান্ত ফুকনে। মুখ‍্যমন্ত্ৰীৰ ৰিলিফ ফান্দৰ পৰা প্ৰতিজন বিধায়কলৈ প্ৰায় ১ কোটি টকা এনেধৰণৰ চিকিৎসাৰ বাবে আগবঢ়োৱা হয় বুলিও জানিবলৈ দিয়ে বিধায়ক প্ৰশান্ত ফুকনে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *