ডিগবৈ পেঙেৰীৰ পথত ভয়ঙ্কৰ গুলিয়াগুলি লগতে IED বিস্ফোৰণ

ডিগবৈ পেঙেৰীৰ পথত ভয়ঙ্কৰ গুলিয়াগুলি লগতে IED বিস্ফোৰণ। আজি পুৱা ৯.২০ মিনিটত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। প্ৰথমেই এখন বুলেট প্ৰুফ বাহনলৈ লক্ষ্য কৰি বনাঞ্চলৰ মাজৰ পৰা গুলি নিক্ষেপ কৰে কোনো উগ্ৰপন্থী সংগঠনে। তাৰ পাছতে বাহন খনত এটা গুলি লগা লগতে পিছফালৰ এটা চকা ফাটি যোৱাৰ লগতে কিছু ক্ষতি হয় বাহন খনৰ। তাৰ পাছতে দুয়ো পক্ষৰ ফালৰ পৰা কিছু সময় ধৰি গুলীয়াগুলি হয়। সেনাৰ কোনো লোক বৰ্তমান লৈকে আহত হোৱা নাই যদিও বনাঞ্চলৰ মাজৰ পৰা কিছু উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা সামগ্ৰী লগতে এটা ৰিমৰ্ট কংট্ৰল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেনাৰ অভিযান কাৰি দলে। বৰ্তমানে সেনাৰ উচ্চ পদস্ত বিষয়া আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক বিস্ফোৰণ স্থলীত উপস্থিত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *