টাংনী নদীত চলিছে অবৈধ মাটি খনন‌

80

টাংনী নদীত চলিছে অবৈধ মাটি খনন‌ ।দৰঙৰ টাংনী নদীত দিনে নিশাই চলিছে অবৈধ বালি খনন । বন বিভাগৰ চকুত ধূলি দি অবৈধ বালি খনন অব্যাহত ৰাখিছে একাংশ ট্ৰেক্টৰ চালকে । ধূলা আৰক্ষী থানাৰ অন্তৰ্গত নিজ খাৰুপেটীয়াৰ জুল হক নামৰ এগৰাকী ব্যক্তিৰ ওজাগাৱত থকা মাটিত কেইবাখনো ট্ৰেক্টৰে তেওঁৰ অজ্ঞাতে বালি খনন কাৰ্য চলাই আহিছে । অবৈধ খনন কাৰ্য বাধা দিবলৈ যোৱাত ট্ৰেক্টৰৰ গৰাকীয়ে আক্ৰমণ কৰে মাটিৰ গৰাকীক । যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় জুল হক নামৰ মাটিৰ গৰাকী জন । ঘটনা সংক্ৰান্তত ট্ৰেক্টৰৰ গৰাকী
আব্দুল আউৱাল আৰু কাশেম আলীৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । ধুলা আৰক্ষী থানাৰ নিচেই কাষতে থকা টাংনী নদীত দিনে নিশাই কেইবাটাও ট্ৰেক্ট্ৰৰেৰে বালি খনন কৰাত শংকিত হৈ পৰিছে পথচাৰিৰ লগতে স্থানীয় বাসিন্দা সকল । উল্লেখযোগ্য যে , কিছুদিন পূৰ্বে উক্ত ঠাইত অবৈধ ভাৱে চলি থকা টাংনী নদীৰ বালি খননৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকক আক্ৰমণ কৰাৰ লগতে মোবাইল ফোন ভাঙি দিছিল ট্ৰেক্টৰৰ গৰাকী দুজনে । আক্ৰমণকাৰী ট্ৰেক্টৰৰ গৰাকীৰ বিৰুদ্ধে ধূলা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ।