চৰকাৰী কাৰ্যালয়ত এলাগী অসমীয়া ভাষা।



চিৰাঙৰ বিজনীত আছুই আঁতৰালে চৰকাৰী কাৰ্যালয়ৰ ফলক।অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ বিজনী আঞ্চলিক আছুৰ।অসমীয়া ভাষা বিৰোধী কাম নকৰিবলৈ বিটিআৰৰ প্ৰমোদ বড়ো প্ৰশাসনক সকিয়নী বিজনী আছুৰ।

চিৰাং জিলাৰ বিজনীত চৰকাৰী কাৰ্যালয়ত এলাগী অসমীয়া ভাষা।চৰকাৰী কাৰ্যালয়ৰ ফলকত অসমীয়া ভাষাক অপমান কৰাত সৰৱ হৈ উঠিছে বিজনী আঞ্চলিক আছুৰ কৰ্মকৰ্তা। বিজনী চহৰস্থিত নৱ নিৰ্মিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰাত ক্ষোভিত হৈ পৰিছে বিজনীৰ আছু। বিভাগটোৰ ফালৰ পৰা লগোৱা ফলকত ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰিছে।ফলত বিজনী আঞ্চলিক ছাত্র সন্থাৰ কৰ্মীয়ে আজি উক্ত ফলকখন আঁতৰাই পেলায়। আনহাতে অনাগত দিনত কাৰ্যালয়টোত ইংৰাজী, বড়ো আৰু অসমীয়া তিনিওটা ভাষাত ফলক লগাবলৈ দাবী উত্থাপন কৰে।আছুৱে ইংৰাজী আৰু বড়ো ভাষা বিৰোধী নহয়, কিন্তু ইয়াৰ সমান্তৰালভাৱে অসমীয়া ভাষাক এলাগী কৰা কাৰ্যও কেতিয়াও মানি লোৱা নহব বুলি সকিয়নী প্ৰদান কৰে।অনাগত দিনত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনকো অসমীয়া ভাষা বিৰোধী কাম নকৰিবলৈ সকীয়াই দিয়ে বিজনী আঞ্চলিক আছুৱে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *