চৌদিশে বানৰ বিভীষিকা

37

বান আহিল আৰু গল । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বন্যাৰ্তই বৰ্তমানেও লাভ নকৰিলে বান সাহাৰ্য । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে । আন কোনোৱে আকৌ ওখ স্থানত আশ্ৰয় লৈছে । এক অভাৱনীয় পৰিস্থিতিৰ মাজতে দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে বানাক্ৰান্তই । শিশু, বৃদ্ধ, মহিলাসকলৰ মাজত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ লাগিছে । উদ্ধাৰ অভিযানৰ বাবে উপস্থিত নহল কামৰূপ প্ৰশাসন আৰু বাক্সা প্ৰশাসন । কলৰ ভুৰ বান্ধি বিপদ সংকুল যাতায়ত কৰিছে বানাক্ৰান্তই । বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ১২ দিন পিছতো খবৰ লবলৈ আহৰি নহল জনপ্ৰতিনিধিৰ । এই বানত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । মুল পথৰ ওপৰত একোকাল পানী । যাতায়ত বন্ধ হৈ পৰিছে । ওখ স্থান বিচাৰি হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ । পানীৰ ওপৰতে জীৱ জন্তৰ লগত সহাৱস্থান কৰিব লগা হৈছে জনসাধাৰণে । বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি । বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুকলৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত ।