চামগুৰিৰ শালপাৰা গাওঁপঞ্চায়তৰ গাওঁসভাত উত্তপ্ত পৰিস্থিতি।

চামগুৰিৰ শালপাৰা গাওঁপঞ্চায়তৰ গাওঁসভাত উত্তপ্ত পৰিস্থিতি।
লাওঁখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত শালপাৰা গাওঁপঞ্চায়তৰ উদ্যোগত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা ২০২৩-২৪ৰ প্ৰস্তুতিকৰণ সন্দৰ্ভত অনুষ্ঠিত হৈছিল বিশেষ গাওঁসভা।
আৰু এই গাওঁসভা খন সম্পূৰ্ণ নহ‌ওতেই সৃষ্টি হয় হুস্থূলীয়া পৰিবেশৰ।
শালপাৰা গাওঁ পঞ্চায়তৰ আঁচনি সন্দৰ্ভত পঞ্চায়তৰ সচিবে আলোচনা উত্থাপন কৰাৰ সময়তে ৰাইজৰ মতে আঁচনিবোৰ ৰূপায়ণ নোহোৱাত ৰাইজ খঙত অগ্নিগৰ্ভা হৈ পৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে পূৰ্বেও শালপাৰা গাওঁপঞ্চায়তৰ আঁচনি সমূহৰ দুৰ্নীতিৰ বহু বাতৰি প্ৰকাশিত হৈছিল।
দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *