চামগুৰিত চৰকাৰী ঘৰৰ নামত ধন দাবী
পুনৰ ৰঙাগড়া পঞ্চায়তত দুৰ্নীতি পোহৰলৈ আহিছে। এইবাৰ চামগুৰি ৰঙাগড়া পঞ্চায়তত পুনৰ এক দুৰ্নীতি অভিযোগ উত্থাপন কৰিছে গটঙাৰ এজন লোকে।জনপ্ৰতিনিধিৰ লগতে এইবাৰ দুৰ্নীতিত নামি পৰিল তৃণমূল পৰ্যায়ৰ কৰ্মী।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে কৰ্মী হাৰুণ ৰচিদৰ বিৰূদ্ধে।
পঞ্চায়তটোৰ ৯ নং ৱাৰ্ডৰ এজন ঝাৰু ব্যৱসায় আব্দুল হামিদৰ পৰা বিচাৰিছে দহ হাজাৰ টকা । ইতিমধ্যে হাৰুণক ভুক্তভোগী আব্দুল হামিদে দিছে ১৮০০ কৈ টকা। বাকি ধন নিদিয়াৰ ফলত ঘৰ পোৱাৰ পৰা বিৰত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে আব্দুল হামিদে । পূৰ্বেও হাৰুণ ৰছিদৰ বিৰোধে উত্থাপিত হৈছে বহু কেইটা অভিযোগ।
