ঘোচ লোৱা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ মাফিয়া

গোৱালপাৰা জিলাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । ঘোচ লোৱা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল বাছিত সৰকাৰ ।কয়লাকান্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেৱান ৰফিক আহমেদে লোনৰ আবেদন পত্ৰ অনুমোদনৰ বাবে প্ৰাথমিক শিক্ষা বিষয়াই এক হাজাৰ টকা উৎকোচ লওতে হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই। মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *